Home অন্যান্য খবৰমন্দোদৰীৰ দৃষ্টিৰে ৰাৱণক ৰাইজে চালে গোৰেশ্বৰত

মন্দোদৰীৰ দৃষ্টিৰে ৰাৱণক ৰাইজে চালে গোৰেশ্বৰত

by News Desk
57 views
A+A-
Reset

গোৰেশ্বৰঃ সাংস্কৃতিক চহৰ বাগসা জিলাৰ গোৰেশ্বৰত আজি মঞ্চস্থ হ’ল “মন্দোদৰী”। গোৰেশ্বৰ লগতে ৰাজ্যৰ নাট্য জগতত সুষ্ঠ নাট্য চৰ্চা অব্যাহত ৰখা চিফুং দ্য আৰ্টিষ্ট ৰ উদ্যোগত স্থানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত শনিবাৰে সন্ধিয়া ৮ বজাত মঞ্চস্থ হোৱা নাটখনিৰ পৰিকল্পনা আৰু পৰিচালনা পৰী শৰণীয়াৰ।

মন্দোদৰীৰ নাট্যৰূপ বিশিষ্ট নাট্যকাৰ ধৰ্মকান্ত ৰাজবংশীৰ। ৰাৱণৰ পত্নী মন্দোদৰীৰ দৃষ্টিৰে ৰাক্ষসৰ ৰজা ৰাৱণৰ চৰিত্ৰক মূল্যায়ণ কৰাৰ চেষ্টা কৰা হৈছে। ৰাৱণৰ সাহস, পৰাক্ৰম আৰু বীৰতাৰ লগতে পত্নী মন্দোদৰীৰ প্ৰতি থকা প্ৰেম ভালপোৱাক সঠিক ৰূপত উপস্থাপন কৰা হৈছে । উপস্থাপন কৰা হৈছে মন্দোদৰীৰ ননদ শূৰ্পণশাৰ চৰিত্ৰক ।সীতাক হৰণ কৰি অনাৰ পিছতো মন্দোদৰীয়ে স্বামীক বাধা দিছিল তেনে কৰিবলৈ । পুত্ৰ ইন্দ্ৰজিৎ  ৰাৱণৰ পথেৰে আগবাঢ়িব বিচৰাতো শংকিত হৈছিল ভৱিষ্যতৰ লংকাক লৈ। সতী হিচাপে মন্দোদৰীয়ে কাহানিও কাকো দোষাৰোপ নকৰি নিজে বিশ্লেষণৰে কৰিছিল পৰিস্থিতিৰ ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0