Home ৰাজ্যবিটিচিত সম অধিকাৰ-সম উন্নয়ন হোৱা নাই, ১৬ বছৰত এগৰাকী অসমীয়াক নিদিলে কাৰ্যবাহী পদ

বিটিচিত সম অধিকাৰ-সম উন্নয়ন হোৱা নাই, ১৬ বছৰত এগৰাকী অসমীয়াক নিদিলে কাৰ্যবাহী পদ

by News Desk
A+A-
Reset
photo Credit-dhananjay-nath, bodoland-day-celebrate-photo-kokrajhar, প্ৰতিকি ফটো

ওদালগুৰিঃ বিটিচি গঠন হোৱাৰ পিছত সমন্বয়ৰ দ্বাৰা শান্তি প্ৰতিষ্ঠা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। বিটিএডি এলেকাত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে শান্তি প্ৰতিষ্ঠা হৈছে আৰু এয়াই ডাঙৰ সফলতা। কোকৰাঝাৰত অনুষ্ঠিত হোৱা বডোলেণ্ড দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য আবগঢ়োৱাৰ সময়তে বিটিএডিৰ আনটো মূৰত লাঞ্চিত-বঞ্চিত একাংশ লোকে সম অধিকাৰৰ দাবী উত্থাপন কৰে৷ সততে বিটিএডি এলেকাত এটি বিশেষ জনগোষ্ঠীৰ লোকে ঠিকা-ঠুকলি, চাৰকাৰী চৰকাৰী, বিভিন্ন আঁচনিৰ সহায় লাভ কৰে বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে পুনৰ লাঞ্চিত-বঞ্চিত হৈ থকাৰ প্ৰশ্ন উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চ নামৰ সংগঠনটোৱে৷

বিটিএডিত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক লোকেই সম অধিকাৰ আৰু সম উন্নয়নৰ পৰা বঞ্চিত বুলি অভিযোগ উত্থাপন হৈ অহা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰি বিটিচিৰ শাসকীয় দলৰ সৈতে জৰিত নথকা একাংশ বড়ো লোকেও সম উন্নয়ন লাভ কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ বডোলেণ্ড চুক্তি স্বাক্ষৰ হোৱা দিনটোতে এই অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰে অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে। এক বিবৃতি যোগে অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি মিন্টু দাস আৰু সচিব প্ৰধান ধনদ্বীপ বৰাই আৰু কয় ”বিটিচি চুক্তি স্বাক্ষৰ হোৱা পিছতে বিশেষকৈ ভাষিক অসমীয়াসকল বিটিচিত বিভিন্ন দিশত বঞ্চিত হৈ আহিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0