ৰঙিয়াঃ ৰেল বিভাগত খালী হৈ থকা তিনি লাখ পদত শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰা, স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৰেলৰ গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ পদসমূহ পূৰণৰ ব্যৱস্থা কৰা, বঙাইগাৱঁৰ পৰা ৰঙিয়া হৈ ডিব্ৰুগড়লৈ দ্বৈত ৰেলপথৰ ব্যৱস্থা কৰা, ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেলৰ দলঙৰ ব্যৱস্থা কৰা আৰু ৰেল সেৱাৰ মান উন্নীত কৰাৰ দাবীত তথা ভাৰতীয় ৰেলক ক্ৰমাৎ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত মঙলবাৰে ডিৱাইএফআইৰ কামৰূপ জিলা সমিতিয়ে ৰঙিয়া ৰেল জংচনৰ সমুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷
প্ৰতিবাদী দৰ্শাই পথসভাৰ আয়োজন কৰা সংগঠনটোৰ কামৰূপ জিলা সভাপতি দীপক মহন্ত আৰু সম্পাদক দিলীপ ডেকাৰ নেতৃত্বত শতাধিক সদস্যই ‘ৰেল বিভাগৰ খালী পদসমূহ পূৰণৰ দিহা কৰক’, ‘ৰেলত থলুৱা নিবনুৱা যুৱকক বঞ্চিত কৰা নচলিব’, ‘শৰাইঘাটত দ্বিতীয়খন ৰেলৰ দলং শীঘ্ৰে নিৰ্মাণ কৰক’, ‘ৰাজ্যত দ্বৈত ৰেলপথৰ নামত ভেকোভাওঁনা নচলিব’ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷