পাঠশালাঃ ব্যাপক বিসংগতিৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে পুনৰ পোহৰলৈ আহিছে ছেবাৰ আন এক বিসংগতি৷ বজালী মহকুমাৰ বাঘমাৰাত যোৱা শনিবাৰে অনুষ্ঠিত হোৱা সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত বিতৰণত খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত সমাজ বিজ্ঞানৰ পৰীক্ষাৰ দিনা ৰাজ্যৰ আন প্ৰান্তৰ পৰীক্ষাৰ্থীক দিয়া কাকতৰ বিপৰীতে ৫৯গৰাকী ছাত্ৰ-ছাত্ৰীক অন্য কাকত বিতৰণ কৰে৷ অভিযোগ মতে উক্ত দিনা ৫৯গৰাকী ছাত্ৰ-ছাত্ৰীকেই হালধীয়া ৰঙৰ প্ৰশ্নকাকত বিতৰণ কৰিছিল৷