20
নিউয়ৰ্কঃ ছ’চিয়েল মিডিয়া। কি ফেচবুক, কি টুইটাৰ। এই ক্ষেত্ৰখনত খোজ দিলে এনে লাগে যেন পৃথিৱীখন এখন তেনেই সৰু গাঁও। আৰু এইবোৰৰ সৈতে জড়িতসকল একো একোজন বিশ্ব নাগৰিক। মুঠৰ ওপৰত বিষয়টোক লৈ কিবা এটা ক’বলৈ গ’লেই মনলৈ আহে ‘গ্ল’বেল ভিলেজ’ৰ কথা।
বাস্তৱত পিছে দেখা গৈছে এখন সম্পূৰ্ণ বিপৰীত ছবি। এনে পৰিপ্ৰেক্ষিততে বহুতে কোৱা-কুই আৰম্ভ কৰিছে যে বিশ্ব নাগৰিক নহয়, ইয়াৰ সৈতে জড়িতসকলৰ অধিকাংশই হেনো একো একোটা অতৃপ্ত আত্মাহে!