নতুন দিল্লীঃ সন্ত্ৰাসবাদ, দূৰ্নীতি আৰু ক’লা ধনৰ ওপৰত ‘চাৰ্জিকেল ষ্ট্ৰাইক’ কৰাৰ উদ্দেশ্যে ভাৰতত বিমূদ্ৰাকৰণৰ দৰে সাহসী পদক্ষেপ গ্ৰহণ কৰা দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰথম অৱস্থাত বিৰোধীকে ধৰি সমগ্ৰ দেশতে ভিন্ন মহলে সমালোচনাৰে থকা-সৰকা কৰিলেও এই পদক্ষেপক আদৰ্শ হিচাপে গ্ৰহণ কৰিছে বিশ্ব বেংকে।
যদিওবা বিমূদ্ৰাকৰণৰ আগেয়ে দেশৰ জনমূৰি আয় বিগত বৰ্ষৰ জুন মাহত নিৰ্ধাৰিত কৰামতে ৭.৬ শতাংশৰপৰা ৭ শতাংশলৈ হঠাতে নামি গৈছিল, তথাপি বিশ্ব বেংকে উক্ত পদক্ষেপক প্ৰশংসা কৰিছে।