গোৱালপাৰাঃ বুধবাৰে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে গোৱালপাৰা জিলা ভ্ৰমণ কৰে৷ পুৱাই ৰাজ্যপাল মুখীয়ে গোৱালপাৰা জিলা ভ্ৰমণ কৰি কেইবাটাও বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হৈ উন্নয়ন সন্দৰ্ভত আলোচনা কৰে৷ তাৰ মাজতে এগৰাকী বিষয়াক ৰাজ্যপাল মুখীয়ে ককৰ্থনা কৰে৷ গ্ৰাম্য উন্নয়নৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত মধুসূদন নাথ নামৰ বিষয়াগৰাকীয়ে পলমকৈ উপস্থিত হোৱাৰ লগতে কাৰ্যালয়ৰ কোঠা খুলিবলৈ বিষয়াই চাবি বিচাৰি নোপোৱাত ককৰ্থনা কৰে ৰাজ্যপালগৰাকীয়ে৷
যাৰ ফলত বিষয়াতকৈ আগত ৰাজ্যপাল আহি বিষয়াৰ বাবে ৰৈ থাকিব লগা হোৱাত ৰাজ্যপালৰ খং উঠে৷ উত্তেজিত ৰাজ্যপালে সকলোৰে সন্মুখত বিষয়াক ‘NONSENSE’ বুলি কয়৷ গোৱালপাৰাৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ বিষয়াৰ কাৰ্যালয়ত বিষয়াক গালি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰ্যালয়টোৰ বিষয়া মধুসূদন নাথক গালি দিয়াৰ দৃশ্য বন্দী হয় কেমেৰাত। বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰাত উপস্থিত হৈ ৰাজ্যপাল জগদীশ মুখীয়ে বিষয়া-কৰ্মচাৰীক সাক্ষাৎ কৰিছিল৷