কোকৰাঝাৰ/তেজপুৰঃ ২১ ফেব্ৰুৱাৰী সমগ্ৰ বিশ্বৰ বাবে এটা গৌৰৱৰ দিন৷ এই দিনটোক আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়৷ বিশ্বৰ বিভিন্ন দেশৰ বাবে এটা স্মৃতিৰ দিন এই দিনটো৷ ১৯৫২ চনৰ পৰাই এই দিনটোক মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে বিশ্বই।সমাজৰ পৰা বিভিন্ন ভাষা, উপ-ভাষা, দোৱান আদিৰ অস্তিত্ব দিনক দিনে লুপ্ত পাই অহাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো জাতি, উপ-জাতি, জনগোষ্ঠীৰ মাতৃভাষাক শ্ৰদ্ধা, সম্ৰণ কৰাৰ উদ্দেশ্যে ২০০০ চনৰ পৰাই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত বিশ্ব মাতৃভাষা দিৱস হিচাপে পালন কৰি আহিছে৷
বিগত বৰ্ষবোৰৰ দৰে এইবাৰো বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো উদযাপন কৰা হয় আন্তঃৰ্জাতিক মাতৃভাষা দিৱস। নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ কোকৰাঝাৰ শাখাই কোকৰাঝাৰ গড়কাপ্তানি বিভাগৰ অতিথিশালাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে আন্তঃৰ্জাতিক মাতৃভাষা দিৱস। আন্তঃৰ্জাতিক মাতৃভাষা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ কোকৰাঝাৰ শাখাৰ উপ-সভাপতি বিজয় কৃষ্ণ ৰায়ে সাংগঠনিক পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।