গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰৰ বেতনা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত বিদ্যালয়খন সম্পৰ্ণ ৰূপে জাহ যোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। অগ্নিকাণ্ডৰ ফলত বিদ্যালয়খনৰ মুঠ আঠটা কোঠাৰ লগতে আচবাব, পুথিভঁৰাল, ষ্টোৰ ৰুম, কম্পিউটাৰ লেব, চায়েন্স লেব, অধ্যক্ষ আৰু শিক্ষকৰ জিৰণি কোঠাৰ লগতে কাৰ্যালয়ৰ প্ৰায় সকলো নথিপত্ৰ জ্বলি ছাই হৈ যায়।
গাঁওবাসীয়ে অগ্নিকাণ্ডৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ পানীৰে জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰে যদিও দুটা গৃহৰ বাদে বাকী বিদ্যালয় আৰু সকলো সা-সম্পত্তি জ্বলি ভষ্মিভূত হয়। নিশা প্ৰায় দুই মান বজাত তিনিখন অগ্নিনিৰ্বাপক গাড়ী আহি পায় যদিও বিদ্যালয় খন ইতিপূর্বে জ্বলি ছাই হয়। নিশাই গোৰেশ্বৰ আৰক্ষী আৰু চিআৰপিএফৰ জোৱান সকলে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিয়ন্ত্ৰণ কৰাত ৰাইজক সহযোগ কৰে।