মুম্বাইঃ নাহিদৰ বিৰুদ্ধে ফটোৱা জাৰী কৰাৰ পিছত সমস্বৰে প্ৰতিবাদ কৰিছে দেশৰ শিল্পীসমাজে। এতিয়া নাহিদৰ পক্ষত দেশৰ শিল্পীসকলকে ধৰি বহুতে মাত মাতিছে। আজি দেশৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল দাদলানী আৰু ছেলিম মাৰ্চেন্টে এই ফটোৱাক সমালোচনা কৰে৷ শিল্পীদুগৰাকীয়ে এই কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিছে৷
আনহাতে বিশ্বৰ প্ৰসিদ্ধ সাহিত্যিক তছলিমা নাছৰিনে টুইটাৰত প্ৰশংসা কৰে নাহিদক৷ ফটোৱাৰ সাহসেৰে থিয় হৈ সাহসিকতাৰ পৰিচয় দিয়া বুলি মন্তব্য কৰে সাহিত্যিকগৰাকীয়ে৷ ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাও নাহিদক গান গাই যাবলৈ আহ্বান জনাইছে।