গুৱাহাটীঃ বহু প্ৰত্যাশিত উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে। ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব শনিবাৰে। ৬০খন আসনৰ তিনি ৰাজ্যত ৫৯টা সমষ্টিতহে নিৰ্বাচন অনুষ্ঠিত হৈছিল।
শেহতীয়া খবৰ মতে, ত্ৰিপুৰাত বিজেপি-৪০ খন আৰু চিপিআইএম-১৮ খন আসনত আগবাঢ়ি আছে৷ মেঘালয়ত কংগ্ৰেছ-২৪ খন আৰু এনপিপি-১০ খন আসনত আগবাঢ়ি আছে৷ নাগালেণ্ডত এনপিএফ-৩০ খন আৰু বিজেপি-২৬ খন আসনত আগবাঢ়ি আছে৷