গুৱাহাটীঃ দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত নেতা-কৰ্মীয়ে আনন্দ উলাহ প্ৰকাশ কৰা দেখা যায়৷ আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কাৰ্যালয়ত উপস্থিত হয় কিছু সময় পূৰ্বে৷ বিজেপিৰ নেতা-কৰ্মীয়ে অমিত শ্বাহক বিপুল ভাৱে সম্বৰ্ধনা জনায়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্ধিয়া পাৰ্টিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ নেতাকৰ্মীক সম্বোধন কৰিব৷ বিজেপিৰ প্ৰধান সম্পাদক ৰাম মাধৱ নাগালেণ্ডলৈ আৰু অসমৰ ভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়লৈ গৈ চৰকাৰ গঠন কৰাৰ ববাে কুচকাৱাজ আৰম্ভ কৰিব৷