গুৱাহাটীঃ যোৱা চাৰিটা মাহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ আছে৷ উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ গৰম বতাহ বলিছিল উত্তৰ পূৰ্বাঞ্চলৰ আকাশত৷ বিশেষকৈ দিল্লীৱালা নেতাই ভিৰ কৰিছিল উত্তৰ পূৰ্বাঞ্চলত৷ নেতাসকলে চলাই গৈছিল ব্যাপক প্ৰচাৰ অভিযান৷ শাসক-বিৰোধীৰ বাক যুদ্ধত ৰাইজৰ সমস্যাৰ কথা গৌণ হৈ পৰিছিল৷
নেতাই কেৱল সমস্যা-সমাধানৰ প্ৰতিশ্ৰুতি দি সাধাৰণ জনতাৰ পৰা ভোট আদায় কৰাৰ চেষ্টা চলাইছিল৷ অসমতো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰা দেখা গৈছিল৷ নিৰ্বাচনী প্ৰচাৰ চলাওঁতে টকা বিতৰণ কৰা বুলি ওলোৱা বাতৰিয়েও গৰম কৰি ৰাখিছিল ৰাজ্যৰ সংবাদ জগত৷ কোনে ৰাজ্যকেইখনত বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব তাক লৈও ৰাজ্যখনত চৰ্চাৰ বিষয় হৈ আছিল যোৱা কেইটামান দিনত৷ উৎকণ্ঠাৰ অৱসান ঘটাই শনিবাৰে নিৰ্বাচনৰ ফলাফল ওলাল৷