দেৰগাঁও/কাজিৰঙাঃ ০১ মাৰ্চৰ নিশা পিটনিত পানী খাবলৈ নামি এটা প্ৰকাণ্ড গঁড় বোকাত আৱদ্ধ হৈ মৃত্যুক আকোৱালি লোৱাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত আছে ৰজ্যত৷ তাৰ মাজতে মাজুলীৰ কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত লহৰ চাপৰিত শনিবাৰে নিশা পুনৰ চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ ঘটনা দেওবাৰে পুৱা পোহৰলৈ অহাত পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত লহৰ চাপৰিত নিশা চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰে গঁড়টোক৷ তাৰ পিছতেই চোৰাং চিকাৰীয়ে গঁড়টোৰ খৰ্গ কাটি নিবলৈ সক্ষম হয়৷
