কোকৰাঝাৰঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন অাৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ দাবীত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক অাৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এবছু, এনডিএফবি(প্ৰ’) অাৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত অাৰম্ভ হোৱা অামৰণ অনশনৰ কাৰ্যসূচী অৱশেষত আজি ষষ্ঠ দিনৰ অন্তত প্ৰত্যাহাৰ কৰে সংগঠনৰ নেতৃবৰ্গই৷
উল্লেখ্য যে কালি বিয়লি ৰাজ্য চৰকাৰৰ গৃহ অাৰু ৰাজনৈতিক বিভাগৰ সচিব এম হাজৰিকা স্বাক্ষৰিত এক পত্ৰ সংগঠনৰ নেতৃবৰ্গই লাভ কৰাৰ পিছতেই অাজি অনশন কাৰ্যসূচী অানুষ্ঠনিকভাৱে প্ৰত্যাহাৰ কৰে। উল্লেখ্য যে কোকৰাঝাৰ জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী আৰু অাৰক্ষী অধীক্ষক ৰাজেন সিঙে ৰাজ্য চৰকাৰৰ পৰা প্ৰেৰিত পত্ৰ কালিয়েই এবছুৰ সভাপতি প্ৰমোদ বড়োৰ হাতত অৰ্পন কৰিছিল ৷