ডিজিটেল ডেস্কঃ নৰেন্দ্ৰ মোডীয়ে ২০১৮ চনত প্ৰধানমন্ত্ৰীৰ ৰূপত অন্তিমবাৰৰ বাবে দিল্লীৰ লালকিল্লাত ভাষণ প্ৰদান কৰিব৷ প্ৰথমে ২০১৯ চনক চম্ভালক, তাৰ পাছতহে বংগৰ কথা চিন্তা কৰক৷ এয়া বিজেপিক স্পষ্ট কৰি দিছো৷ যদি বিজেপি দলে বংগক টাৰ্গেট কৰি লয়, তেন্তে আমাৰ টাৰ্গেট হ’ব লালকিল্লা৷ মই স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ যে, নৰেন্দ্ৰ মোডীয়ে ২০১৯ চনত স্বাধীনতা দিৱসত লালকিল্লাত ভাষণ দিবলৈ নাপায়৷
এই মন্তব্য তৃণমূল কংগ্ৰেছৰ নেতা তথা ৰাজ্য সভাৰ সাংসদ ডৰেক কে ব্ৰাইনৰ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক টাৰ্গেট কৰি ফেচবুক লাইভৰ যোগে এই মন্তব্য প্ৰকাশ কৰে ডৰেক কে ব্ৰাইনে৷ এই বাণী আগন্তুক লোকসভা নিৰ্বাচনৰ সৈত সম্পৰ্ক আছে বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ ডৰেক কে ব্ৰাইনে ফেচবুক লাইভৰ জৰিয়তে বিজেপিক টাৰ্গেট কৰি কৰা মন্তব্যক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গুৰুত্বসহকাৰে প্ৰকাশ কৰে৷.