84
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ আৰক্ষী আৰু সেনাৰ ৩নং ৰাজপুত ৰেজিমেণ্টৰ যৌথ অভিযানত সোমবাৰে পুৱতি নিশা এগৰাকী এনডিএফবি(এচ)ৰ কেডাৰ নিহত হয়। নিহত কেডাৰগৰাকীৰ পৰা আৰক্ষীয়ে একে চিৰিজৰ ৰাইফল এটা, এটা মেগজিন, ১৬ জাঁই সজীৱ গুলী, ১৩ জাঁই খালী কাৰ্টিজ, বহিৰাষ্ট্ৰৰ ভূটানৰ চিম সহিতে মোবাইল ফোন এটা, নগদ ২৭৪০ টকা, ১০খন ধনদাবী পত্ৰ, ভূটানৰ ৰিচাৰ্জ কাৰ্ড, টৰ্চ, ঔষধকে ধৰি আন কেতবোৰ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।