কোকৰাঝাৰঃ বিটিএডিত জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নোহোৱাৰ সিদ্ধান্ত লোৱা বুলি বিটিচিৰ শাসকীয় দল বিপিএফৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে৷ ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰিব বুলি বিটিচি কৰ্তৃপক্ষই সিদ্ধান্ত লোৱা বুলি প্ৰচাৰ হোৱাৰ পিছতেই বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিব বিছৰা বুলি কেইবাটাও সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷
নামনি অসমৰ ৰাজপথ উত্তাল হৈ থকাৰ সময়তে এই হাগ্ৰামা নেতৃত্বাধীন বিটি পৰিষদক উভতি ধৰিলে ধৰিলে প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই৷ হাগ্ৰামা মহিলাৰীক উভতি ধৰি বড়ো নেতা তথা প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই নিজ দলৰ স্থিতি স্পষ্ট কৰি বিটিচিত জনজাতি তথা অজনজাতিৰ ভূমিৰ অধিকাৰ কোনেও খৰ্ব কৰিব নোৱাৰে বুলি কয়৷ বিটিচিৰ ভূমি নীতিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সমষতে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা ইউপিপিএল ৰাজনৈতিক দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই নিজ দলৰ স্থিতি কোকৰাঝাৰত এখন সংবাদমেল অনুষ্ঠিত কৰি স্পষ্ট কৰে।