ডিজিটেল ডেস্কঃ কেইবাখনো যুদ্ধত বীৰত্ব প্ৰদৰ্শন কৰি নিজকে শক্তিশালী বুলি পৰিচয় দি আহিছে ভাৰতীয় সেনাই৷ বিদেশী শত্ৰুৰ পৰা দেশক সুৰক্ষিত কৰি অহা ভাৰতীয় সেনাই পৃথিৱীৰ ভিতৰত অন্যতম শক্তিশালী সৈন্যবাহিনী হিচাপে পৰিগণিত হৈছে৷
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি গ্ল’ৱেল ফায়াৰপাৱাৰ তালিকাত বিশ্বৰ সকলোতকৈ শক্তিশালী সেনাবাহিনীৰ ভিতৰত ভাৰতে চতুৰ্থ স্থান অধিকাৰ কৰাৰ লগতে প্ৰথম দহটা স্থান দখল কৰিছে ব্ৰিটেইন, ফ্ৰান্স, জাপান, তুৰ্কী আৰু জাৰ্মানীয়ে৷ ইয়াৰ লগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ স্থান হ’ল ১৩৷