পৰীক্ষাৰ্থীৰ জীৱনক লৈ হেতালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ, প্ৰশ্নকাকত ফালি প্ৰতিবাদত বহিল...

Home ৰাজ্যপৰীক্ষাৰ্থীৰ জীৱনক লৈ হেতালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ, প্ৰশ্নকাকত ফালি প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰী

পৰীক্ষাৰ্থীৰ জীৱনক লৈ হেতালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ, প্ৰশ্নকাকত ফালি প্ৰতিবাদত বহিল ছাত্ৰ-ছাত্ৰী

by News Desk
88 views
A+A-
Reset

ওদালগুৰিঃ পোহৰলৈ আহিছে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ মাজত থকা এক বৃহৎ ব্যৱধানৰ কথা। দুই কৰ্তৃপক্ষৰ হেমাহিত পণবন্দী হৈ পৰিছে বিটিচি অঞ্চলৰ ২৩খন মহাবিদ্যালয়ৰ হাজাৰ হাজাৰ স্নাতক শিক্ষাৰ্থী। উল্লেখ্য যে বিগত বৰ্ষত কিছু কাৰিকৰী অসুবিধাৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা ২৩খনকৈ মহাবিদ্যালয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ গৈছিল। কিন্তু উক্ত মহাবিদ্যালয়সমূহৰ অধ্যাপকসকলে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সূচীমতেই পাঠসমূহ পঢ়ুৱাই আছিল। কিন্তু বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ যায় যদিও পূৰ্বে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা বিটিচি অঞ্চলৰ ২৩ খন মহাবিদ্যালয়ত এই পৰীক্ষা স্থগিত কৰি মহাবিদ্যালয় কৰ্তৃপক্ষসমূহে পৰৱৰ্তী সময়ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হব বুলি জানিবলৈ দিয়ে।

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উক্ত ২৩ খন মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষা ২৩ ফেব্ৰুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সূচীৰে অনুষ্ঠিত কৰাৰ কথা সদৰি কৰে মহাবিদ্যালয় কৰ্তৃপক্ষসমূহে। ফলত ২২ ফেব্ৰুৱাৰীৰ দিনা শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ মহাবিদ্যালয় কৰ্তৃপক্ষসমূহে ঘোষণা কৰিছিল যে পৰীক্ষাসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সূচীৰে অনুষ্ঠিত হব আৰু কিছুসংখ্যক বিষয়ৰ পৰীক্ষা পৰৱৰ্তী সময়ত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল ওদালগুৰি মহাবিদ্যালয় কৰ্তৃপক্ষই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0