দেৰগাঁওঃ মদে তিলতিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে একো একোজন যুৱকক৷ মদে তিলতিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে একো একোটা পৰিয়ালক৷ একো একোটা পৰিয়াল নিঃশেষ কৰি পেলাই এই মদ নামৰ নিচাযুক্ত দ্ৰব্যই। মদ্যপান কৰাৰ ফলত পথ দুৰ্ঘটনা, হত্যা, লুন্ঠন, গৃহকন্দল, অাত্মহত্যা, ধৰ্ষণৰ কাণ্ডৰ দৰে বিক্ষিপ্ত ঘটনা সংঘটিত হয়৷
অসমৰ বিশেষকৈ চাহ বাগিচা অধ্যুষিত এলেকাত মদৰ প্ৰচলন অবাধে হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ যাৰ ফলত সোমবাৰে কাকডোঙাৰ বৰকাঠনি চাহ বাগিচাত এখন সজাগতা সভা অনুষ্ঠিত হয়৷ উল্লেখ্য যে, সমগ্ৰ অসমত সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ কৰাৰ বাবে সংগ্ৰাম অব্যাহত ৰখা মদ মুক্ত দাবী সমিতিৰ কেন্দ্রীয় সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷