কামপুৰঃ ৰাজনীতিৰ বতাহ দেহত লগাৰ ফলত সকলো পাহৰি গৈছে অসমৰ মন্ত্ৰী বিধায়কে৷ অসমৰ মন্ত্ৰীয়ে এতিয়া ভাগ্য নিৰ্ণয় কৰে চুবুৰীয়া জনজাতীয় ৰাজ্যৰ মুখ্যমন্ত্ৰী কোন হ’ব৷ অসমৰ বাবে এয়া একপ্ৰকাৰ খুবেই আমোদজনক কথা৷ যাৰ বাবে অসমীয়া জাতিয়ে গৌৰৱ কৰিব পাৰে৷ অসমৰ মন্ত্ৰীক লৈ আৰু গৌৰৱ কৰিব পাৰিলে হেঁতেন যদি নিজৰ বিভাগ সমূহ সগৌৰৱেৰে পৰিচালনা কৰিব পাৰিলে হেঁতেন৷ চুবুৰীয়া ৰাজ্যত চৰকাৰ গঠনৰ অংকত ব্যস্ত থকা বিজেপি চৰকাৰৰ মন্ত্ৰীৰ নিজৰ বিভাগ কোনফালে গতি কৰিছে সেই কথাৰ খবৰ লবলৈ আহৰি নাই৷