চিৰাংঃ আপুনি বা আপোনাৰ লাঞ্চিত-বঞ্চিত জনগোষ্ঠীৰ হৈ আপুনি প্ৰতিবাদ কৰিব নোৱাৰিব৷ আপুনি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিব নোৱাৰিব৷ এতিয়াৰ পৰা প্ৰতিবাদ কৰাৰ কথা আপুনি পাহৰি যাওক৷ প্ৰতিবাদ কৰিলে আপুনি হৈ পৰিব বে-আইনী জনতা৷ যদি আপুনি বে-আইনী জনতা ঘোষণা হৈছে তেন্তে আপোনাৰ নিস্তাৰ নাই৷ আৰক্ষী-চিআৰপিএফৰ লাঠিৰ কোব আপোনাৰ পিঠিত পৰিবই পৰিব৷ আপুনি মহিলাই হওক নতুবা পুৰুষেই হওক৷ অসম আৰক্ষীয়ে সকলো বৰ্বৰতাৰ সীমা অতিক্ৰম কৰিলে মঙলবাৰে৷
চিৰাং জিলাত মঙলবাৰে সকলো সীমা অতিক্ৰম কৰি আৰক্ষীয়ে পুৰুষক নালাগে মহিলাক নিতম্বত দুয়ো হাতেৰে গাৰ জোৰেৰে দিলে লাঠিৰ কোব৷ যৌথ মঞ্চই আহ্বাই জনোৱা বন্ধক সমৰ্থন কৰি বিটিচিৰ ভূমি নীতিৰ বিৰুদ্ধে চিৰাঙত প্ৰতিবাদ কৰিবলৈ অহা প্ৰতিবাদকাৰীক এনেদেৰ মাৰ ধৰ কৰে আৰক্ষীয়ে৷ জিলাখনৰ চিদলীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কৰিবলৈ অহাৰ সময়তেই লাঠি চালনা, কন্দুৱা গেছ, শূন্যলৈ গুলীচালনা কৰাৰ ফলত কেইবাগৰাকী লোক আহত হয়৷