গৰৈমাৰীঃ তৰুণ গগৈৰ কাৰ্যকালত ৰাজ্যত কাঠফুলাৰ দৰে স্থাপন কৰিছিল শিক্ষানুষ্ঠান-চিকিৎসালয়৷ সেইবোৰত এতিয়া গৰু-ছাগলী থকা ঘৰ আৰু মদপীৰ আড্ডাস্থল হৈ পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চমক সৃষ্টিৰ বাবে এনে অনুষ্ঠান স্থাপন কৰি এতিয়া গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ তদানীন্তন শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীয়েই বৰ্তমান দুয়োটা বিভাগৰ মন্ত্ৰী হৈ আছে৷
কিন্তু তৰুণ গগৈৰ কাৰ্যকালত স্খাপন কৰা অনুষ্ঠান সমূহক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দ্বিতীয় আৰু তৃতীয় কাৰ্যকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎয়ালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান স্থাপন কৰিছিল৷ সেই চিকিৎসালয়-শিক্ষানুষ্ঠানসমূহ চূণ-তেল সানি ভৱন সমূহ সম্পূৰ্ণ কৰি থোৱা আছে যদিও বৰ্তমান এৰাবাৰীত পৰিণত হোৱা দেখা গৈছে৷