57
নতুন দিল্লীঃ চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পিছত জিঅ’ই দিব নোৱাৰিবও পাৰে হেপি নিউ ইয়েৰ অফাৰ। এই অফাৰ পুনৰীক্ষণৰ বাবে টেলিকম ৰেগুলেটৰী অথৰিটি অব ইণ্ডিয়া চমুকৈ ট্ৰাইক পুনৰীক্ষণৰ নিৰ্দেশ দিছে দেশৰ টেলিকম ট্ৰিবিউনেলে৷
আজি এক বিবৃতি যোগে এই কথা সদৰী কৰে ট্ৰিবিউনেলে। লগতে দুই সপ্তাহৰ ভিতৰত জিঅ’ৰ হেপ্পী নিউ ইয়েৰ অফাৰ আৰু টেলিকম কোম্পানীৰ প্ৰতিবেদন ট্রাইৰ হাতত জমা দিবলৈ নিৰ্দেশ দিয়ে।