জাগীৰোডঃ বন বিভাগৰ ব্যৰ্থকাৰ বাবে এটাকৰ পিছত আন এটা গঁড় হত্যাকাণ্ড সংঘটিত হৈ আবিছে যদিও পবিতৰা অভয়াৰণ্যই ৰাজ্য খনলৈ ভাল খবৰ কঢ়িয়াই আনিছে৷ দেওবাৰে গঁড গণনা কৰা হয় পৰিতৰা অভয়াৰণ্যত৷ গণনাৰ অন্তত অভয়াৰণ্য খনত ১০২ গঁড় লাভ কৰে বন বিভাগে৷ এই তথ্য পোহৰলৈ আহিছে দেওবাৰে অভয়াৰণ্যখনত হোৱা গঁড়পিয়লত৷ পবিতৰা অভয়াৰণ্যত দেওবাৰে পুৱাৰে পৰা কৰা হৈছিল গঁড়ৰ গণনা৷
পবিতৰা অভয়াৰণ্যত গড়ৰ সংখ্যা নিৰ্দ্ধাৰণ কৰাৰ বাবে বনবিভাগে গঁড়ৰ গণনা কৰে। যাৰ পৰিপ্ৰেক্ষিতত দৰ্শনাৰ্থীৰ বাবে দিনটো বন্ধ থাকে অভয়াৰণ্যৰ দুৱাৰ। সমান্তৰালকৈ পবিতৰাত বন্ধ থাকে হাতী ছাফাৰী আৰু জীপ ছাফাৰীও।