ৰঙিয়াঃ newsnextone.com-এ দুৰ্নীতি পোহৰলৈ আনিবলৈ কোনো দিনে আপোচ নকৰে সেয়া আকৌ এবাৰ প্ৰমাণ হ’ল৷ যোৱা ১৮ মাৰ্চত ৰঙিয়াৰ এগৰাকী পঞ্চায়ত সচিবে চৰকাৰী আঁচনিৰ ধন আৱন্টন দিয়াৰ বাবে উৎকোচ বিচৰাৰ এটি বাতৰি newsnextone.com-এ প্ৰকাশ কৰিছিল৷ তাৰ পিছতেই হাহাকাৰ লাগিছিল ৰঙিয়াত৷ newsnextone.com-এ বাতৰি প্ৰকাশ কৰাৰ পিছতেই দল-সংগঠনে সচিবগৰাকীক চাকৰীৰ পৰা নিলম্বন কৰাৰ দাবী জনাইছিল৷
তাৰ পিছতেই চৰকাৰে চাকৰীৰ পৰা নিলম্বন কৰে পঞ্চায়ত সচিবগৰাকীক৷ ৰঙিয়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধিনৰ ৩৩নং বৰদল গাঁও পঞ্চায়তৰ সচিব জয়কান্ত কলিতাক চাকৰীৰ পাৰ তৎকালে বৰ্খাস্ত কৰে চৰকাৰে৷ সংবাদ মাধ্যম যোগে উৎকোচ বিচৰাৰ বাতৰিৰ প্ৰকাশ হোৱাৰ ফলতেই সচিবগৰাকীক নিলম্বন কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে৷ দুৰ্নীতি পোহৰলৈ অনাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সংবাদ মাধ্যমৰো শলাগ লয়৷