53
লিডুঃ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৰ মাৰ্ঘেৰিটা মহকুমাৰ টিপং লালপাহাৰৰ পৰা আসাম ৰেজিমেন্টে সোমবাৰে নিশা অভিযান চলাই এনএছচিএন (কে)ৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত নিষ্ট চেমা নামৰ এজন লোকক ঘৰৰ পৰা উঠাই আনে।
সেনাৰ মতে, লালপাহাৰ অঞ্চলৰ বাসিন্দা প্ৰয়াত জুবলু চেমাৰ পুত্ৰ নিষ্ট চেমাই দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বিভিন্ন ব্যৱসায়ীক উগ্ৰপন্থী সংগঠনৰ নামত ধন দাবী কৰি আহিছিল৷ চেমাৰ পৰা সেনাই ৫ লাখ ৩৯ হাজাৰ ৮৬৫ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷