65
গোৰেশ্বৰঃ তেওঁলোকৰ বাবে বাৰিষা মানেই অভিশাপ৷ উন্মুক্ত নৈৰ পাৰৰ বাসিন্দা তেওঁলোক৷ মথাউৰি তথা সুৰক্ষা নোহোৱা নৈৰ পাৰৰ বাসিন্দা হোৱাৰ বাবেই তেওঁলোকে বাৰিষা আহিলেই বাঢ়নী পানীৰ আতংকত বিনিদ্ৰ ৰজনী কটাবলগীয়া হয়৷
বাক্সা জিলাৰ গোৰেশ্বৰত শুক্লাই নৈৰ এটি বৃহৎ অংশ উন্মুক্ত হৈ থকাত এজাক বৰষুণতে জলমগ্ন হৈ পৰে কেইবাখনো গাঁও৷ প্ৰতিজাক বৰষুণ তেওঁলোকৰ বাবে অভিশাপ৷ বৰষুণ হ’লে বানপানী হয় আৰু বানপানীৰ পৰা তেওঁলোকে ভোগ কৰি আহিছে যমৰ যাতনা।