দেৰগাঁওঃ প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিছপুৰৰ মছনদ দখল কৰা বিজেপি চৰকাৰে পূৰণ কৰিব পৰা নাই ৰাজ্যখনৰ কোনো এটা মৌলিক সমস্যা৷ যাৰ ফলত পৰিৱৰ্তনকামী চৰকাৰ শাসনৰ গাদীত থকাৰ পাছতো সুচল নহ’ল ৰাজ্যৰ বাটপথসমূহ৷ উৰাজাহাজৰে সাত সাগৰ তেৰ নদী পৰিভ্ৰমী ফুৰা দিছপুৰীয়া নেতাই নেদেখে ৰাজ্যখনৰ পুখুৰীসদৃশ ঘাইপথৰ দুৰৱস্থা৷
উজনি-নামনি সংযোগী ৩৭ নং ৰাজপথ লাহে লাহে মৰণফাণ্ডত পৰিণত হ’বলৈ ধৰিছে৷ যাৰ বাবে জীয়াতু ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ৷ ৰাষ্টা-ঘাটত পুখুৰীসদৃশ গাঁত সৃষ্টি হোৱাৰ ফলত বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ বৰ্তমান ৰাজপথৰ যি কদৰ্যময় অৱস্থা, তাক সংবাদ মাধ্যমৰ জৰিয়তে বৰমূৰীয়াসকলৰ দৃষ্টিগোচৰ হোৱাকৈ প্ৰচাৰ কৰি অহা হৈছিল যদিও কোনো কাণসাৰ নাই ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগৰ৷