নগাঁওঃ গুণগত শিক্ষাৰ মানদণ্ড নিৰূপণ তথা শিক্ষা ব্যৱস্থাত পৰিৱৰ্তনৰ লক্ষ্যৰে ৰাজ্যৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম আৰু অষ্টম মানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ বৃত্তি পৰীক্ষা৷ বিগত বৰ্ষত সময় মতে পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও এইবেলি নতুন শিক্ষাবৰ্ষৰ তিনি মাহ উকলিবলৈ মাত্ৰ কেইদিনমান দিন বাকী থকা অৱস্থাটো পৰীক্ষা অনুষ্ঠিত নোহোৱাত সচেতন লোকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
উল্লেখ্য, পূৰ্বতে এই পৰীক্ষা সময়মতে সুকলমে অনুষ্ঠিত কৰা হৈছিল যদিও যোৱা তিনিবছৰ মানৰ পৰা এই পৰীক্ষা বহু পলমকৈ অনুষ্ঠিত কৰাৰ বিপৰীতে এইবাৰ আকৌ আশ্চৰ্যজনকভাবে এতিয়ালৈকে অনুষ্ঠিতই হোৱা নাই৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাবকসকলো চৰম দোমোজাত পৰা পৰিলক্ষিত হৈছে৷ আনকি পৰীক্ষাৰ সময়সূচীৰ সম্পৰ্কত কোনো নিৰ্দেশনা বিদ্যালয়সমূহলৈ শিক্ষা বিভাগে প্ৰেৰণ নকৰাত ছাত্ৰ-ছাত্ৰী নতুবা অভিভাৱকসকলক পৰীক্ষাৰ বিষয়ে শিক্ষক-শিক্ষয়িত্ৰীসকল বিমুৰত পৰিবলগীয়া হৈছে৷