নগাঁওঃ শনিবাৰে দিনৰ ১ বজাৰ পৰা নগাঁও জিলাৰ লালুংগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, নগাঁও জিলা আমছু, স্থানীয় ৰাইজে পথ অৱৰোধ কৰি ধৰ্ষণকাৰীক শীঘ্ৰে আটক কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও জিলা আমছুৰ উদ্যোগত নগাঁও-ধিং সংযোগী গড়কাপ্তানী পথৰ ভেটিয়নীত পথ অৱৰোধ কৰি ধৰ্ষণকাৰীক আটক কৰি ফাঁচী দিয়াৰ দাবী জনায়৷
স্থানীয় ক্ষোভিত ৰাইজে আমছুৰ উদ্যোগত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ ফলত হাজাৰ হাজাৰ পথচাৰীৰ লগতে গাড়ী-মটৰৰ চলাচল বন্ধ হৈ পৰে৷ ধিং ৰাজহ চক্ৰ বিষয়া মৃনাল বৰা, নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ বুজনিত প্ৰতিবাদৰ অন্ত পেলায় আমছুই৷ লালুংগাঁও প্ৰাথমিক বিদ্যালয়ত মৃত্যুক আকোৱালি লোৱা কিশোৰীগৰাকীয়ে অধ্যয়ন কৰিছিল