খাৰুপেটীয়াঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ১৪ সংখ্যক অধিৱেশন আৰু ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস দৰঙৰ খাৰুপেটীয়া মহাবিদ্যালয়ৰ মৰহুম বি, এম হামিদুৰ ৰহমান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে৷
অহা ৩১ মাৰ্চ, ১ আৰু ২ এপ্ৰিলত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ দৰং জিলা আমছুৰ উদ্যোগত অভ্যৰ্থনা সমিতিৰ লগতে স্থানীয় ৰাইজে ব্যাপক যো-জা চলাই আছে৷ প্ৰায় ২৫ হাজাৰ লোকৰ সমাগম হ’ব পৰাকৈ বৃহৎ অস্থায়ী সভা গৃহ নিৰ্মাণৰ কামত প্ৰায় দুশ গৰাকী আমছু কৰ্মীৰ ৰাইজে দিনে নিশাই কাম কৰি আছে।