64
কলিয়াবৰঃ নগাঁও জিলাৰ জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই নাহৰফুটুকী নিধন কৰাৰ অভিযোগত কলিয়াবৰৰ শাকমুঠিয়াৰ পৰা ২গৰাকী লোকক আটক কৰিবলৈ সক্ষম হয়৷
যোৱা ২৫ মাৰ্চত কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ চৈধ্য নম্বৰ লাইনত এটি নাহৰফুটুকীৰ হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল একাংশ লোকে৷ নাহৰফুটুকীটোৰ হত্যা কৰাৰ অভিযোগত লক্ষীন্দৰ চাওতাল আৰু প্ৰহ্লাদ তাঁতী নামৰ দুজন লোকক মঙলবাৰে আৰক্ষীয়ে আটক কৰে।