গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিয়ে বুধবাৰে অসম মহিলা বিশ্ববিদ্যালয় ৰাজ্য চৰকাৰে বন্ধ কৰিব বিচৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ কামৰূপ জিলা আছুৰ উদ্যোগত কেইবাশতাধিক আছুৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ছাত্ৰ সন্থাই শীঘ্ৰে মহিলা বিশ্ববিদ্যালয়ত স্থায়ী উপাচার্য নিযুক্তি দি পূৰ্ণাংগ ৰূপ দিয়াৰ দাবী জনাই চৰকাৰক৷ ইমানে নহয় অৱস্থান ধৰ্মঘটথলীৰ পৰাই আছুৱে চৰকাৰক সকীয়াই দি বিশ্ববিদ্যালয় খন বন্ধ কৰাৰ কথা পাহৰি যাওক বুলি সকীয়াই দিয়ে৷