গুৱাহাটীঃ গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ পৰীক্ষা পুনৰ অনুষ্ঠিত নহয়। বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ এই কথা স্পষ্ট কৰে। বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যনিৰ্বাহক সমিতিৰ বিশেষ সভা অনুষ্ঠিত হৈছিল আৰু এই সভাতে পুনৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ লগতে আন কেইবাটাও সিদ্ধান্ত লোৱা হয়।
একেখন সভাতে প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো উলাই কৰে। আনহাতে পৰীক্ষা চলি থকাৰ মাজতে পৰীক্ষাকেন্দ্ৰিক খেলিমেলিৰ বাবে বিতৰ্কত সোমাই পৰা ধেমাজিৰ আবতানি, গোগামুখ আৰু বৰাক উপত্যকাৰ শিলচৰ পৰীক্ষা কেন্দ্ৰ বাতিলৰ সিদ্ধান্তও গ্ৰহণ কৰে শিক্ষা সংসদৰ কাৰ্যনিৰ্বাহকে।