কোকৰাঝাৰঃ অহা জুলাই মাহত বিটিএডিৰ সদৰ কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া তৃতীয় নৰ্থ ইষ্ট কিক বক্সিং চেম্পিয়নশ্বিপক লৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ কোকৰাঝাৰ চহৰৰ নিকটবৰ্তী স্পৰ্ট অথৰিটি অব ইণ্ডিয়া চমুকৈ ছাই কমপ্লেক্সত ১২ জুলাইৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব প্ৰতিযোগিতা খন৷
প্ৰতিযোগিতা খন নিয়াৰিয়াকৈ পৰিচালনা কৰিবলৈ চিমচন মুছাহাৰীক সভাপতি আৰু লখেন্দ্ৰ ৰায়ক সম্পাদক হিচাপে লৈ এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷ বিটিচি কিক বস্কিং সন্থাৰ সভাপতি নিপেন চন্দ্ৰ ৰায়ে সদৰী কৰা মতে প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ আঠ খন ৰজ্যৰ পৰা চাৰি শতাধিক খেলুৱৈ অংশ গ্ৰহন কৰিব৷