158
গুৱাহাটীঃ সত্তৰ দশকৰ পৰা অসমীয়া অভিনয় জগতক নতুন পথ দেখুৱাবলৈ এগৰাকী মানুহে অহৰহ চেষ্টা কৰিছিল৷ উজনিৰ গোলাঘাট জিলাৰ পৰা নাট্য চৰ্চাৰে অভিনয় জগতত ভৰি থোৱা মানুহজনে নাটকৰ জগতত খোজ থৈয়ে গ্ৰাম্য এলেকাৰ অভিনয় প্ৰতিভা সমূহ পোহৰলৈ আনিব বিচাৰিছিল৷
উজনিৰ বিভিন্ন প্ৰান্তৰ সেই কালৰ নতুন প্ৰতিভাক একত্ৰিত কৰি অভিনয় জগত খনত নতুন প্ৰতিভাক উজলাই তুলিব বিচাৰিছিল৷ নাটকৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা সেইগৰাকী লোক হৈছে মুনিন বৰুৱা৷