ডিজিটেল ডেস্কঃ জোধপুৰ আদালতে জামিনত মুক্তি দিলেও বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বিদেশ ভ্ৰমণত বাধা আহি পৰিল৷ কিয়নো যেতিয়াই ছলমান খানে বিদেশ ভ্ৰমণ কৰিব তেতিয়াই আদালতৰ অনুমতি লব লাগিব৷
আদালতে অনুমতি প্ৰদান নকৰিলে ছলমানে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব৷ কেইবাখনো বিগ বাজেটৰ ছবিৰ শ্বুটিং ছলি থকাৰ ফলত ছলমানে বিদেশত যাব লাগিব যদিও আদালতৰ অনুমতি নাপালে বিদেশ ভ্ৰমণত বাধা আহিব৷ বলিউডৰ প্ৰায় ১০০০ কোটি টকা টকা ছলমানে অভিনয় কৰা ছবিত নিয়োগ কৰিছে কেইবাগৰাকী পৰিচালকে৷