152
গুৱাহাটীঃ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ মুনিন বৰুৱা আমাৰ মাজত নাই বুলি কোৱা কথাষাৰ বিশ্বাস কৰিবলৈ টান লাগিলেও শুকুৰবাৰে নিশা ২ বজাত সকলোৱে কন্দুৱাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ’ল তেঁও৷
চলচ্চিত্ৰ জগতত অলেখ স্মৃতি এৰি আমাৰ মাজৰ পৰা আতৰি গ’ল মুনিন বৰুৱা৷ অসমৰ চলচ্চিত্ৰ জগতৰ মহীৰূহগৰাকীয়ে বহু দি গ’ল অসমীয়া জাতিক৷ যি কৰ্মৰাজীৰ স্মৃতিয়ে প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব মুনিন বৰুৱা।