ডিজিটেল ডেস্কঃ শনিবাৰৰ দিনটো ভাৰতৰ খেলৰ ইতিহাসত সোণালী ইতিহাস হৈ থাকিব৷ এই দিনটোতে কেইটামান ঘণ্টাৰ ভিতৰতে দুগৰাকী খেলুৱৈ সোণৰ মেডেল লাভ কৰবিলৈ সক্ষম হয়৷
৪ এপ্ৰিলৰ পৰা অষ্ট্ৰেলিয়াত আৰম্ভ হোৱা কমনৱেলথ গেমছত ভাৰত্তোলনত ভাৰতৰ চাইকাম মীৰাবাই চানু, সঞ্জিতা চানুৰ পিছত সোণৰ মেডেল লাভ কৰিলে সতীশ কুমাৰ শিৱালিংগম আৰু ভেংকট ৰাহুলে৷ কমনৱেলথ গেমছত ভাৰতৰ হৈ তৃতীয় আৰু চতুৰ্থটো সোণৰ পদক আজুৰি আনিলে সতীশ আৰু ভেংকটে ৰাহুলে৷ যাৰ বাবে দেশবাসী গৌৰাৱন্বিত হৈ পৰিছে৷