কোকৰাঝাৰঃ পৃথক বড়োলেণ্ডৰ নামত পুণৰাই এবছু, এনডিএফবি (প্ৰ)আৰু পিজেএচিবিএমে আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। মঙলবাৰে কোকৰাঝাৰত সংবাদমেল অনুষ্ঠিত কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই বিজেপি চৰকাৰৰ প্ৰতাৰণাক তীব্ৰ ভাষাৰে সমালোচনা কৰি মন্ত্ৰী কিৰেন ৰিজুজুকো আক্ৰমণৰ লক্ষ্য কৰি লয়৷
এবছুৰ সভাপতি প্ৰমোদ বড়োৱে জনজাতীয় সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চল এটাৰ পৰা প্ৰতিনিধিত্ব কৰি গৃহ বিভাগৰ দায়িত্বত থকা স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুক জনজাতীয় সমস্যাসমূহ সমাধান নকৰিলে ইতিহাসে ক্ষমা নকৰিব বুলি স্পষ্ট কৰি দিয়ে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে।