ঢেকীয়াজুলিঃ অসম আন্দোলনৰ হোতাৰ ঘৰলৈ আহিল বিদেশীৰ সন্দেহত জাননী৷ যিকোনো সময়তে আপোনালৈও আহিব পাৰে আদালতৰ চিল মোহৰ লগোৱা জাননী৷ জাননী খনত লিখা থাকিব পাৰে৷ প্ৰতি, যিহেতুকে ক্ষমতাসম্পন্ন কৰ্তৃপক্ষৰ দ্বাৰা আপোনাৰ বিৰুদ্ধে এনে এক প্ৰসংগ বা অভিযোগ উত্থাপিত হৈছে যে আপুনি কোনো বৈধ্য নথি পত্ৰ নোহোৱাকৈ ২৫ মাৰ্চ ১৯৭১/ ১জানুৱাৰী, ১৯৬৬ আৰু ২৬ মাৰ্চ ১৯৭১ এই সময়ছোৱাৰ ভিতৰত অবৈধ ভাবে অসমত প্ৰৱেশ কৰিছে৷ আপোনাৰ নাগৰিকত্বৰ ওপৰত সন্দেহ ওপজিছে৷
যদি ইচ্ছা কৰে স্বনিয়োজিত অধিবক্তাসহ নিৰ্দিষ্ট তাৰিখত ন্যায়াধীকৰণত হাজিৰ হৈ আপুনি যদিহে ভাৰতীয় নাগৰিকত্ব দাবী কৰিব বিচাৰে তেনেহ’লে ১৯৪৬ চনৰ বিদেশী আইনৰ ৯নং ধাৰা অনুযায়ী আপুনি নিজৰ ওপৰত ন্যস্ত প্ৰমাণৰ দায়িত্ব লিখিত বৰ্ণনা আৰু আৰু সংশ্লিষ্ট যাৱতীয় নথি-পত্ৰাদি পেচ কৰিব লাগিব৷ যদিহে এই জাননী পোৱাৰ পিচত আপুনি ন্যায়াধীকৰণত নিৰ্ধাৰিত দিনত হাজিৰ নহয় তেনেহ’লে আপোনাৰ বিৰুদ্ধে থকা অভিযোগৰ একতৰফীয়া নিষ্পত্তি কৰা হ’ব৷