Home অন্যান্য খবৰডলী ৰাণীয়ে অসমতে নহয়, চুবুৰীয়া দেশতো বিক্ৰী কৰে কাঠফুলা

ডলী ৰাণীয়ে অসমতে নহয়, চুবুৰীয়া দেশতো বিক্ৰী কৰে কাঠফুলা

by News Desk
104 views
A+A-
Reset

নলবাৰীঃ কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হৈছে অসমৰ এগৰাকী মহিলা৷ নামনি অসমৰ নলবাৰী জিলাৰ ডলী ৰাণী নামৰ মহিলাগৰাকীয়ে কাঠফুলাৰ খেতি কৰি নিজৰ ভৰিত থিয় দিছে৷ জিলাখনৰ বানেকুছি এলেকাৰ ডলীয়ে স্বামীৰ উপাৰ্জনক আশা নকৰি নিজেই উপাৰ্জন কৰি স্বামীৰ সমানে সমানে পৰিয়াল চলোৱাত সহায় কৰে৷ ইউকো বেংকৰ জৰিয়তে মাশ্ৰুম খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আৰু অসম চৰকাৰৰ মাশ্ৰুম সঞ্চালকালয় আৰু গৱেষণা কেন্দ্ৰৰ অধীনত হিমাচল প্ৰদেশত প্ৰশিক্ষণ গ্ৰহণ কৰি কাঠফুলা খেতিত মনোনিৱেশ কৰিছিল তেওঁ। বৰ্তমান এগৰাকী আগশাৰীৰ মহিলা খেতিয়ক ডলী৷ 

নিজ ঘৰতে অতি কষ্টৰে কাঠফুলা উৎপাদন কৰি বজাৰত বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰে ডলীয়ে৷ নিজ পৰিয়ালৰ লগতে আন দহজনকো প্ৰশিক্ষণ দি নিজ ঘৰতে মাশ্ৰুম উৎপাদন কৰি আহিছে ডলী ৰাণীয়ে। মাহেকত প্ৰায় চাৰি কুইন্টল মাশ্ৰুম উৎপাদন কৰি অসমৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে৷ নলবাৰী জিলাৰ লগতে কামৰূপ, ৰঙিয়া, গুৱাহাটীৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ডলীয়ে। ডলী ৰাণীয়ে বছৰি লাখ লাখ টকা উপাৰ্জন কৰি অসমৰ মহিলাৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0