গোৱালপাৰাঃ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিয়ে বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ গোৱালপাৰা চহৰৰ মাজেৰে এটি বৃহৎ সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কেইবাঘণ্টা ধৰি উত্তাল কৰে উপায়ুক্তৰ কাৰ্যালয় চৌহদ৷
ছাত্ৰ-ছাত্ৰীয়ে কেইবাটাও দাবীৰ প্ৰতিবাদত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শ্ল’গান দি স্মাৰক পত্ৰ দিবলৈ উপায়ুক্তৰ বাবে ৰৈ থকাৰ পিছতো কাৰ্যালয়ৰ পৰা ওলাই নাহিল উপায়ুক্তগৰাকীয়ে৷ উক্ত সময়ত বিভিন্ন শ্ল’গানেৰে কাৰ্যালয় কঁপাই তোলা ছাত্ৰ-ছাত্ৰীৰ সৈতে আৰক্ষী বিষয়াই তর্ক যুদ্ধ লিপ্ত হোৱা দেখা যায়৷