122
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰৰ ঐতিহ্যমণ্ডিত বেঙেনাআটী সত্ৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বেঙেনাহআটী সত্ৰ সবাহ। বৃহস্পতিবাৰ বেলি ডুবাৰ পিছতে পৰম্পৰা ৰক্ষা কৰি শ-শ লোকে সত্ৰত মনোকামনা পূৰণৰ অৰ্থে আৰিয়া প্ৰজ্বলন কৰে। সৰিয়হৰে প্ৰজ্বলন কৰা শাৰী-শাৰী আৰিয়াই আধ্যাত্মিকতাৰ আভা বিলাইছে ভক্ত সমাজৰ মাজত। নামনি অসমৰ বহু চৰ্চিত বেঙেনাআটী সত্ৰ সবাহ আহোম ৰাজত্বকালতেই আৰম্ভ হৈছিল বুলি ইতিহাসে কয়৷