89
গোলকগঞ্জঃ দেশত নিতৌ সংঘটিত হৈ অহা ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে বৃহস্পতিবাৰে ধুবুৰীৰ ৰাজ পথলৈ ওলাই আহিল যুৱক-যুৱতী৷ কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথত সমদল কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷
দিনক দিনে বৃদ্ধি পাই অহা ধর্ষণ কাণ্ডৰ ঘটনাক কঠোৰ হাতেৰে দমন কৰি ধর্ষণকাৰীক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধুবুৰীৰ বিৰাট নগৰ চাৰিআলি হাইস্কুলৰ পৰা সমদল উলিয়াই৷ সমদল চহৰৰ মাজত প্ৰৱেশ কৰি আকাশ-বতাহ কঁপাই তোলে৷