94
লংকাঃ অসমক বিদেশী মুক্ত কৰাৰ স্বাৰ্থত চৰকাৰে এনআৰচিৰ কাম অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে বাংলাদেশৰ এগৰাকী অবৈধ নাগৰিকক আটক কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে হোজাই জিলাৰ কাকীত৷
আদালতে বিদেশী বুলি চিনাক্ত কৰা ছহিদুৰ ৰহমান নামৰ লোক জনক বৃহস্পতিবাৰে হোজাই জিলাৰ লংকাৰ কাকীৰ পৰা আটক কৰে আৰক্ষীয়ে৷ জানিব পৰা মতে লোক জনে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰি আছিল৷