ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ কাঠুৱা, উত্তৰ প্ৰদেশৰ উন্নাও আৰু দেশত সংঘটিত হৈ অহা ধৰ্ষণ কাণ্ড-নাৰী নিৰ্যাতনৰ ঘটনাক লৈ দেশৰ লগতে বিদেশতো প্ৰতিক্ৰিয়া অব্যাহত আছে৷ খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কাণ্ড সংঘটিত হৈ অহাত এগৰাকী মহিলাৰ পৰামৰ্শত অস্বস্তিত পৰিব লগা হ’ল৷
বিদেশ ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহিলাক লৈ চিন্তাৰ কৰিবৰ বাবে পৰামৰ্শ লাভ কৰাৰ দৰে পৰিৱেশৰ সন্মুখিন হ’ব লগা হ’ল৷ প্ৰধানমন্ত্ৰীক সমগ্ৰ ভাৰতৰ মহিলাৰ বিষয়ে বেছি গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়ালে আইএমএফৰ প্ৰধান ক্ৰিষ্টিন লগাৰ্ডে৷