নগাঁওঃ ৰাজভোগৰ ক্ষমতা হাতৰ পৰা যোৱাৰ পিছৰে পৰা সংকটৰ ক’লীয়া ডাৱৰ আঁতৰা নাই ৰকিবুলি হুছেইনৰ৷ একালৰ সতীৰ্থৰ অভিযোগত ৰকিবুলি হুছেইনে এতিয়া চৰকাৰৰ ৰোষত পৰিব লগা হৈছে৷ একালৰ মহাপ্ৰতাপী মন্ত্ৰীৰ এতিয়া ঘৰে-দুৱাৰে সম্পত্তি বিচাৰি অভিযান চলাইছে চৰকাৰে৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ সবিশেষ বিচাৰি অভিযান অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ ভিজিলেন্সে৷
কংগ্ৰেছ নেতাগৰাকীৰ সম্পত্তি বিচাৰি বৃহস্পতিবাৰৰ পৰা নগাঁৱত বাহৰ পাতিছে ভিজিলেন্সৰ দল এটাই৷ বৃহস্পতিবাৰে নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ত ভিজিলেন্সৰ দলে সম্পত্তিৰ তথ্য বিচাৰে৷ লাট মণ্ডলৰ জৰিয়তে মাটিৰ নথি বিচাৰে ভিজিলেন্সৰ দলেটোৱে৷ জানিব পৰা মতে, ভিজিলেন্সৰ দলটোৱে লাট মণ্ডল লগত নি বিভিন্ন ঠাইত সম্পত্তিৰ তথ্য আহৰণৰ চেষ্টা চলাই গৈছে৷